Public App Logo
মানৱতাৰ অনন্য নিদৰ্শন: ১০৩ বছৰীয়া আইতাৰ মহানুভৱতা! 🙏🙏🙏 শোণিতপুৰ জিলাৰ চিৰাজুলিৰ মাজৰৈমাৰী গাঁৱৰ ১০৩ বছৰীয়া আইতা শ্ৰীমতী কনকলতা দাসে আজি দাঙি ধৰিলে মানৱপ্ৰেম আৰু সেৱাৰ এক অপূৰ্ব নিদৰ্শন। শিৱসাগৰ জিলাৰ শেহতীয়া বানত আমগুৰি বাগান অঞ্চলৰ ৰাইজৰ দুৰ্দশাৰ কথা জানিব পাৰি আইতাই নিজে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। তেখেতে জিলা আয়ুক্ত শ্ৰী মৃদুল যাদৱ মহোদয়ক সাক্ষাৎ কৰি নিজৰ জীৱনজোৰা সাঁচতীয়া ধনৰ পৰা ক্ষতিগ্ৰস্ত ৭৭ টা পৰিয়ালক ২০০০ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে। ১০৩ বছৰ বয়সতো আনৰ দুখত সমভাগী হ’বলৈ আগবাঢ়ি অহা আইতাগৰাকীৰ এনে বদান্যতাত সকলো অভিভূত হৈ পৰে। জিলা আয়ুক্ত মহোদয়ে আইতাৰ মহানুভৱতাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই আশীৰ্বাদ গ্ৰহণ কৰে আৰু আইতাইও আয়ুক্ত মহোদয়ক আন্তৰিক আশীৰ্বাদ প্ৰদান কৰে। বয়স মাথোঁ এটা সংখ্যা—সেৱা আৰু মানৱতাই যে প্ৰকৃত ধৰ্ম, আইতাই তাকেই পুনৰ প্ৰমাণ কৰিলে। এই মহীয়সী আইতালৈ যাচিলোঁ গভীৰ প্ৰণাম আৰু শ্ৰদ্ধা। আইতাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ✨🌸 #Humanity #Inspiration #Sivasagar #Assam #NobleCause #Compassion #AssamFloods #SivasagarFloods #HumanityFirst - Sibsagar News