মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰতা, শিৱসাগৰত প্ৰাৰ্থীৰ মনোনয়ন দাখিল
সমাগত মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা।
ইয়াৰ মাজতে আজি শিৱসাগৰত ৩৪ নং দিখৌ-দিচাং সমষ্টিৰ বাবে অৰুণ জ্যোতি য়েইনৰ লগতে কেইবাগৰাকীও প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ।
প্ৰাৰ্থী সকলৰ সৈতে অহা সমদলৰ জয়ধ্বনিৰ লগতে ঐনিতমৰ সুৰ আৰু গুমৰাগ নৃত্যৰ ছন্দত মুখৰিত হৈ পৰে শিৱসাগৰ নগৰ।
#highlights
#follower
#nonfollowers
#missing