ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিৰ্মীয়মাণ ড্ৰেইনৰ কাষত মাটি ফিলিং নকৰাকৈ এৰি দিয়াৰ ফলত নলাত সোমাল পানী কঢ়িওৱা ট্ৰেক্টৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ট্ৰেক্টৰখনৰ চালকজন।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ঠিকাদাৰৰ চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰাকৈ ড্ৰেইনৰ কাষত মাটি পোতা নোহোৱাকৈ এৰি দিয়াৰ ফলত সৃষ্টি হোৱা বিপজ্জনক পৰিস্থিতিক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।