সাপেখাতী: সাপেখাতী টিমন বৰ্টানীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
মঙলবাৰে টিমন বৰ্টানী ভেচেলি নামঘৰত যোৰহাট লোকসভা সাংসদ তথা বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ দ্বাৰা আয়োজিত নিৰ্বাচনী সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে দলীয় কৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । সোণাৰী সমষ্টিৰ পৰা যাতে তপন কুমাৰ গগৈয়ে বেছি ভোট পায় সেই বিষয়েও এই সভাত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ।