সাপেখাতী: নাৰেমপথাৰত বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত নিৰ্বাচনী সভা সম্পন্ন,সভাত সদৌ অসম গাওঁবুঢ়া সন্থাৰ সভাপতি গোবিন গগৈ
বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত নাৰেমপথাৰত এখন নিৰ্বাচনী সভা আজি সোমবাৰে আবেলি ৪-৩০ বজাত অনুষ্ঠিত ।এই উপলক্ষে বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ সভানেতী সংগীতা গগৈ পৌৰোহিত্বত অনুষ্ঠিত সভাত সদৌ অসম গাওঁবুঢ়া সন্থাৰ সভাপতি গোবিন গগৈ, বুথ সভাপতি জ্ঞানজ্যোতি গগৈ,পঞ্চায়ত পভাৰী সুভাষ দে,বৰহাট মণ্ডলৰ প্ৰাক্তন সভাপতি কমল কুৰ্মী প্ৰমুখ্যে কেইবাজনো বিজেপি নেতাই অংশগ্ৰহণ কৰা সভাত আগন্তক লোক সভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক জয়ী কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়।