সাপেখাতী: হাটীপুখুৰীত আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত অনুষ্ঠিত সভাত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
হাটীপুখুৰীত আগন্তুক লোকসভা নিৰ্বাচনৰ যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হৰেণ কাকতি, BJYM ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জ্যোতিছ কোঁৱৰ, কৃষক মৰ্চাৰ জিলা সাধাৰণ সম্পাদক প্ৰাঞ্জল গগৈ, সাপেখাটি মণ্ডল সমিতিৰ সভাপতি জয়ন্ত বৰুৱাকে আদি কৰি বিভিন্ন পৰ্যায়ৰ নেতা উপস্থিত থাকে ৷