সাপেখাতী: চৰাইপুঙত ২নং আৰু ৭৩ নং, বুথৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়,সভাত শক্তি কেন্দ্ৰৰ পৰিচালক বিপ্লৱ বৰুৱা
চৰাইপুঙত ২নং আৰু৭৩নং বুথত এখন গুৰুত্বপূৰ্ণ সভা সোমবাৰে আবেলি চাৰি বজাত অনুষ্ঠিত হয়। সভাত শক্তি কেন্দ্ৰৰ পৰিচালক বিপ্লৱ বৰুৱা,বুথ সভানেত্ৰী ৰেখা সন্দিকৈ,বৰহাট মণ্ডলৰ সম্পাদক নিজ্বল হাতীমুৰীয়া, কাৰ্য্যনিৰ্বাহ সদস্য বিটুল দত্ত, প্ৰমুখ্যে শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। সভাত সাংগঠনিক দিশৰ লগতে আগন্তক লোক সভা নিৰ্বাচনত যোৰহাট লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৰাকীক জয়ী কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়।