সম্পূৰ্ণ অসমীয়া সাজ-পোছাকত সজ্জিত হৈ মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগক উষ্ম আদৰণি জনালে মৰিগাঁও জিলা প্ৰশাসনে
মৰিগাঁও জিলাৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ। তেখেতৰ আগমনৰ প্ৰাকমুহূৰ্তৰ পৰাই মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে সম্পূৰ্ণ অসমীয়া পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি অভিভাৱক মন্ত্ৰীগৰাকীক আন্তৰিকতাৰে আদৰণি জনায়।
মন্ত্ৰী অজন্তা নেওগে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। নিৰ্ধাৰিত সময়ত সভাকক্ষত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে ফুলাম গামোচা আৰু সম্বৰ্ধনাৰে উষ্ণ অভ্যৰ্থনা জনায়। সভাকক্ষটোও বিশেষভাৱে সজাই তোলা হৈছিল, যিটো অতিথিসকলৰ দৃষ্টি আকৰ্ষণ কৰে।
সভাৰ আৰম্ভণিতে জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰি মৰিগাঁও জিলাৰ সামগ্ৰিক চিত্ৰ, প্ৰশাসনিক কাৰ্যকলাপ, উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি, শিক্ষা, স্বাস্থ্য, কৃষি, গাঁও উন্নয়ন, মহিলাৰ সবলীকৰণ আদি বিভিন্ন ক্ষেত্ৰৰ বৰ্তমান অৱস্থাৰ ওপৰত বিস্তৃত আলোকপাত কৰে। তেখেতে জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত চলি থকা বিভিন্ন পদক্ষেপ আৰু আগন্তুক পৰিকল্পনাসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীক অৱগত কৰে।
পৰৱৰ্তী সময়ত জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে নিজ নিজ বিভাগৰ কাম-কাজ, সাফল্য, চলি থকা প্ৰকল্প আৰু সন্মুখীন হৈ থকা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে অভিভাৱক মন্ত্ৰীগৰাকীৰ আগত উপস্থাপন কৰে। মন্ত্ৰী অজন্তা নেওগে মনোযোগ সহকাৰে সকলো বিষয় শুনি বিভাগীয় বিষয়াসকলক চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ অধিক গতিশীলভাৱে, স্বচ্ছতাৰে আৰু সময়মতে ৰূপায়ন কৰাৰ বাবে আহ্বান জনায়।
তেখেতে কয় যে চৰকাৰৰ প্ৰতিখন আঁচনিৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ জীৱনধাৰণৰ মান উন্নত কৰা। সেয়ে আঁচনিসমূহৰ সুফল যাতে সমাজৰ অন্তিমজন লোকৰ ওচৰলৈও সঠিক সময়ত যায় তাৰ বাবে সকলো বিভাগে সমন্বয় আৰু দায়বদ্ধতাৰে কাম কৰিব লাগিব। লগতে জিলাখনৰ সামগ্ৰিক উন্নয়ন, আন্তঃবিভাগীয় সহযোগিতা আৰু জনসাধাৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈও নিৰ্দেশ দিয়ে।
সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকি বিভিন্ন উন্নয়নমূলক বিষয়ত নিজৰ মতামত আগবঢ়ায়। লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ মহম্মদ নাজাৰেও বিভিন্ন সমস্যাৰ কথা অৱগত কৰি অভিভাৱক মন্ত্ৰীগৰাকীৰ নেতৃত্বত মৰিগাঁও জিলাই উন্নয়নৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিব বুলি আশা ব্যক্ত কৰে।
উল্লেখযোগ্য যে অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ এই প্ৰথম আনুষ্ঠানিক মৰিগাঁও ভ্ৰমণক কেন্দ্ৰ কৰি জিলা প্ৰশাসনৰ মাজত উৎসাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰে। সভাখনত গৃহীত বিভিন্ন সিদ্ধান্ত আৰু দিশ-নিৰ্দেশনাই আগন্তুক দিনত মৰিগাঁও জিলাৰ উন্নয়ন যাত্ৰাক অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইপিনে আজি অভিভাৱক মন্ত্ৰী অজন্তা নেওগক বিভিন্ন দল সংগঠনৰ লগতে বিজেপি অগপ কৰ্মী সকলে আদৰণি জনায়। মৈৰাবাৰী মন্ডল বিজেপি দলৰ কৰ্মী সকল, লাহৰীঘাট সমষ্টিৰ বিজেপি কৰ্মী আৰু মৰিগাঁও সদৰ সমষ্টিৰ বিভিন্ন জনে মন্ত্ৰী গৰাকীক গামোচা জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।