ইউৰোপীয় সংঘৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডস্থিত টাটা ইলেক্ট্ৰনিক্সৰ OSAT প্ৰকল্প পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে ভাৰতস্থিত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত মহামান্য হাৰ্ভে ডেলফিন আৰু ভাৰতস্থিত বেলজিয়ামৰ ৰাষ্ট্ৰদূত মহামান্য ডিডিয়েৰ ভাণ্ডাৰহাছেল্টে। তেওঁলোকৰ সৈতে ইউৰোপীয় সংঘৰ আন কেইবাগৰাকীও প্ৰতিনিধি উপস্থিত আছিল।
মৰিগাঁও জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰীয়ে বিশিষ্ট অতিথিসকলক আদৰণি জনায় আৰু পৰিদৰ্শনকালত তেওঁলোকৰ সৈতে উপস্থিত থাকে। এই পৰিদৰ্শনৰ জৰিয়তে প্ৰতিনিধি দলটোৱে জাগীৰোডত গঢ় লৈ উঠা অত্যাধুনিক ইলেক্ট্ৰনিক্স আৰু ছেমিকণ্ডাক্টৰ উৎপাদন ব্যৱস্থাৰ অগ্ৰগতিৰ বিষয়ে প্ৰত্যক্ষভাৱে অৱগত হয়।