১,৪১,৩৪৫ টি শিশুক সামৰি মৰিগাঁও জিলাত ২৮ জুনত পলিঅ' প্ৰতিষেধক প্ৰদান
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰিগাঁও জিলাতো অহা ২৮ জুনত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ বাবে মৰিগাঁও জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি এই সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) নিতিশা বৰাৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিশ্ব স্বাস্থ্য সংস্থাৰ ৰাজ্যিক স্বাস্থ্য বিষয়া ডাঃ নগেন শৰ্মাই পাৱাৰপইণ্ট প্ৰেজেন্টেশ্যনৰ সহায়ত পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে অৱগত কৰায়। তেওঁ কয় যে নৱজাতকৰ পৰা ৫ বছৰ বয়সলৈকে মৰিগাঁও জিলাত মুঠ ১,৪১,৩৪৫ টি শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হ'ব। ২৮ জুনত জিলাখনৰ মুঠ ৯১৪ টা বুথত প্ৰতিষেধক প্ৰদান কৰা হ'ব। ২৯ জুনত তিনি হাজাৰৰো অধিক স্বাস্থ্য কৰ্মীয়ে ঘৰে ঘৰে গৈ পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব। আনহাতে ২৮ তাৰিখৰ পৰা ৩০ জুনলৈকে তিনিদিন বিভিন্ন বাছ আস্থান, ৰেলৱে ষ্টেচন আদিত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। সভাত অতিৰিক্ত জিলা আয়ুক্ত নিতিশা বৰাই প্ৰতিটো যোগ্য শিশুৱে প্ৰতিষেধক লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে সকলোকে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়।
সভাত এইচ পি ভি টীকাকৰণ কাৰ্যসূচী সন্দৰ্ভতো আলোচনা কৰা হয়। অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে এই টীকাকৰণক লৈ সমাজত থকা বিভিন্ন ভ্ৰান্ত ধাৰণা আৰু ভুল তথ্য, বিশেষকৈ টীকা গ্ৰহণে আন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে বুলি চলি থকা অপপ্ৰচাৰ দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু সমাজৰ সকলো স্তৰৰ মাজত অধিক সচেতনতা সৃষ্টিৰ জৰিয়তে অধিক সংখ্যক অংশগ্ৰহণ নিশ্চিত কৰাৰ বিষয়ে সভাত বিস্তৃত আলোচনা হয়।
Laharighat, Morigaon | Jun 12, 2026