ৰঙিয়া ভাগ: ৰঙিয়াত হঠাৎ বন্ধ কৰি দিলে এখন চৰকাৰী বিদ্যালয়, ১৯৮২তে স্থাপিত বাহাৰুল ইছলাম হাইস্কুলখন বন্ধ কৰাত ক্ষুব্ধ অঞ্চলবাসী
মঙলবাৰে ৰঙিয়াত হঠাৎ বন্ধ কৰি দিলে এখন চৰকাৰী বিদ্যালয়। ১৯৮২চনত স্থাপিত বাহাৰুল ইছলাম হাইস্কুলখন বন্ধ কৰি দিয়াত ক্ষুব্ধ হৈছে অঞ্চলবাসী। মঙলবাৰে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ একাংশ স্থানীয় ৰাইজৰ। অঞ্চলটোৰ একমাত্ৰ বিদ্যালয়খন বন্ধ কৰি দিয়াত সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰীসকল। শীঘ্ৰেই বিদ্যালয়খন পুনৰ আৰম্ভ কৰিবলৈ ৰাইজে দাবী জনাইছে।