Swachhata Hi Seva2025 ৰ অংশ হিচাপে শুক্ৰবাৰে বিয়লি প্ৰায় এক মান বজাত ৰঙিয়া সংমণ্ডলৰ উদ্যোগত বিষয়া আৰু কৰ্মচাৰীৰ উৎসাহী অংশগ্ৰহণেৰে এক সমদল উলিওৱা হয়। ৰেলৱে কৰ্মচাৰীৰ মাজত সুস্থ জীৱনশৈলী গঢ়ি তোলা আৰু পৰিৱেশৰ যত্ন আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সজাগতা বিয়পোৱাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হয়।