ৰঙিয়া ভাগ: ৰঙিয়া মহাবিদ্যালয়ত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী ছাত্ৰ সমাজৰ, ছাত্ৰ সমাজে সংবাদ মাধ্যমৰ আগত জনাই এই কথা
জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ৰঙিয়া মহাবিদ্যালয়ত স্থাপনৰ দাবী ছাত্ৰ সমাজৰ। দেওবাৰে ছাত্ৰ সমাজে সংবাদ মাধ্যমৰ আগত জনাই এই কথা।জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তি ৰঙিয়া মহাবিদ্যালয়ৰ চৌহদত আছে। গতিকে মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে দাবী কৰিছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ।