শিৱসাগৰৰ বিশিষ্ট সংগীত শিল্পী মাইনা বেজবৰুৱালৈ ইত্যাদিৰ ‘সমাজপ্ৰাণ বঁটা–২০২৬’ প্ৰদান
শিৱসাগৰৰ বিশিষ্ট সংগীত শিল্পী, প্ৰখ্যাত তবলা বাদক তথা সমাজসেৱাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা মাইনা বেজবৰুৱাক ইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা ‘সমাজপ্ৰাণ বঁটা–২০২৬’ প্ৰদান কৰা হয়।
ইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৩০ অক্টোবৰ, ২০২৬ তাৰিখে গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।
সংগীতৰ সাধনাৰ লগতে সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু মানৱীয় অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক এই সন্মান প্ৰদান কৰা হয়। বিশেষকৈ বানপানীৰ সময়ত দুৰ্দশাগ্ৰস্ত লোকৰ কাষত থিয় দি আগবঢ়োৱা তেওঁৰ মানৱীয় সেৱাই সমাজত এক ইতিবাচক দৃষ্টান্ত দাঙি ধৰিছে।
মাইনা বেজবৰুৱাৰ এই সন্মানে শিৱসাগৰবাসীৰ লগতে সমগ্ৰ অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
#highlights
#everyonefollowers
#followerseveryone
#sivasagar