ওদালগুৰিৰ আটেৰীখাটত ক্ৰীড়া ভাৰতীৰ কাবাডী প্ৰতিযোগিতা সফলভাৱে সম্পন্ন
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি জিলা ক্ৰীড়া ভাৰতীৰ উদ্যোগত আৰু আটেৰীখাট আঞ্চলিক ক্ৰীড়া ভাৰতীৰ সহযোগত আজি আটেৰীখাট খেলপথাৰত এক বৰ্ণাঢ্য কাবাডী প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিত হয়।
যুৱক-যুৱতী তথা ল’ৰা-ছোৱালীৰ মাজত আয়োজিত এই প্ৰতিযোগিতাত ১০ বছৰৰ পৰা ৩৫ বছৰ বয়সীয়া ২০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি নিজৰ ক্ৰীড়া দক্ষতা প্ৰদৰ্শন কৰে। দিনজোৰা প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলসমূহে ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজত উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰে।
১০–১৪ বছৰীয়া ল’ৰা শাখাত আসাম টাইগাৰ দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে আসাম ৱাৰিয়ৰ্চ দলে ৰানাৰ্ছ-আপ হয়।
১৪–১৯ বছৰীয়া ল’ৰা শাখাত ৰিয়াজ একাডেমী, শুৱলাই চেম্পিয়ন হয়। আনহাতে, ১৪–১৯ বছৰীয়া ছোৱালী শাখাত ব্লেক ড্ৰেগন, শুৱলাই চেম্পিয়নৰ সন্মান লাভ কৰে। মুকলি শাখাৰ প্ৰতিযোগিতাত জয় জহাৰ, ধৰমজুলি দলে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি চেম্পিয়নৰ খিতাপ দখল কৰে।
আয়োজকসকলে জানিবলৈ দিয়ে যে এনে ক্ৰীড়া অনুষ্ঠানৰ জৰিয়তে যুৱ প্ৰজন্মক শাৰীৰিকভাৱে সুস্থ, শৃংখলাবদ্ধ আৰু ক্ৰীড়ামুখী কৰি তোলাৰ লগতে গ্ৰাম্যাঞ্চলৰ সুপ্ত প্ৰতিভাসমূহ আগুৱাই নিয়াত বিশেষ ভূমিকা পালন কৰিব।
প্ৰতিযোগিতাৰ অন্তত বিজয়ী দলসমূহক গ'ল্ড মেডেল, পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।
Assam, India | Jun 22, 2026