সোণাৰি: প্ৰতিকূল বতৰকো নেওচি মথুৰাপুৰত জামে মছজিদত সমূহীয়াভাৱে ত্যাগৰ বাণীৰে ঈদৰ নামাজ সম্পন্ন
চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত ধর্মীয় পৰম্পৰাগতভাৱে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপিত কৰিছে ঈদ-উল-আজহা।পৱিত্ৰ ঈদ উল আজহা উপলক্ষে মথুৰাপুৰ জামে মছজিদত সমূহীয়াভাৱে ত্যাগৰ বাণীৰে সম্পন্ন কৰিলে ঈদৰ নামাজ। প্ৰতিকূল বতৰৰ বাবে ঈদগাহ ময়দানৰ পৰিৱৰ্তে মথুৰাপুৰ জামে মছজিদত ঈদৰ নামাজ অনুষ্ঠিত কৰা হয়। বিশ্বৰ শান্তিৰ লগতে ভাতৃত্ববোধেৰে সকলোৰে মংগল কামনা কৰি সম্পন্ন কৰিলে সমূহীয়া ঈদৰ নামাজ। আজিৰ ঈদৰ নামাজ পঢ়াই মথুৰাপুৰ জামে মছজিদৰ পেচ ইমাম হাফিজ মৌলানা এনামুল হকে।