সোণাৰি: মানিকীত পলস নাট্যমঞ্চৰ প্রেৰণা শৈক্ষিক ন্যাসৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ কৃতী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন
সোণাৰি মানিকীস্থিত পূৰ্ণানন্দ বৰুৱা প্ৰেক্ষাগৃহত এখনি সম্বৰ্ধনা অনুষ্ঠান সোমবাৰে ১২ বজাত অনুষ্ঠিত হয়। প্রৰণা শৈক্ষিক ন্যাসৰ সচিব প্ৰধান ৰাণা মহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটো সঞ্চালনা কৰে ন্যাসৰ সঞ্চালক নৃপেন বৰুৱাই। অনুষ্ঠানত প্ৰাক্তন অধ্যক্ষ পূৰ্ণানন্দ বৰুৱা,চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকন, পলস নাট্যমঞ্চৰ সঞ্চালক দিপেন কুমাৰ বৰুৱা, যুবৱনেতা মানিক গগৈ, মাহমৰা প্ৰেছ ক্লাবৰ সভাপতি সঞ্জয় নেৱাৰ,সম্পাদক নিৰঞ্জন শইকীয়াই অংশগ্ৰহণ কৰৰে।