সোণাৰি: মথুৰাপুৰত NEET উর্ত্তীণ ছাত্র-ছাত্রীক সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ সম্বর্দ্ধনা জ্ঞাপন
সদ্যঘোষিত NEET পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা মথুৰাপুৰ অঞ্চলৰ প্ৰয়াত প্ৰশান্ত দত্ত আৰু অভিজীতা দত্তৰ কন্যা অংকিতা দত্ত, মথুৰাপুৰ উদয়পুৰ গাৱঁৰ দীপক শৰ্মা আৰু ৰীতা শৰ্মাৰ কন্যা প্ৰিয়ংকা শর্মা আৰু এঙেৰা হুলাল গাৱঁৰ শিক্ষক মুহিবুৰ ৰহমান আৰু জেছমিন আৰা বেগমৰ একমাত্ৰ পুত্ৰ ছাদিকুৰ ৰহমানক গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা তিনিও গৰাকী উত্তীণ ছাত্ৰ-ছাত্ৰীৰ বাসগৃহত উপস্থিত হৈ সম্বর্দ্ধনা জনায়।