## ডিব্ৰুগড়ৰ ২৭ খন শিক্ষানুষ্ঠানৰ প্ৰশাসনিক স্বীকৃতি সন্দৰ্ভত আজি শিক্ষা বিষয়া গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে।শিক্ষা বিভাগলৈ প্ৰশাসনিক স্বীকৃতি সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা অহা নিৰ্দেশনা ভিত্তিত ২৭খন বিদ্যালয়লৈ তেওঁলোকে পত্ৰ পঠোৱা বুলি জনাইছে। ৰাজ্যিক পৰ্যায়ৰ কমিটীয়ে নথিপত্ৰ পৰীক্ষাৰ সময়ত প্ৰশাসনিক স্বীকৃতি বাবে বিদ্যালয় সমূহৰ প্ৰয়োজনীয় নথিপত্ৰ সম্পূৰ্ণ নাছিল। অৱশ্যে শিক্ষানুষ্ঠান সমুহক সুবিধা দিয়া হৈছে ক্ৰুটি সমুহ শুদ্ধৰণি কৰি পুণৰ প্ৰশাসনিক স্বীকৃতি লাভৰ বাবে আবেদন কৰিবলৈ। আৰু ইতিমধ্যে একাংশ শিক্ষানুষ্ঠানে তেওঁ লোকৰ প্ৰয়োজনীয় নথি পত্ৰ যুগুত কৰি পুনৰ আবেদন কৰা বুলি জনাইছে। কোনো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক শংকিত নহ'বলৈ আহ্বান জনাইছে।