কমলপুৰৰ পালাৰাকে ধৰি বিভিন্ন স্থানত শনিবাৰে কংগ্ৰেছ দলৰ নিৰ্বাচনী সভাত উপস্থিত থাকে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী মাধব ৰাজৱংশী সমন্বিতে কামৰূপ জিলা নেতৃবৃন্দ ।অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হবলগা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় কৰ্মী সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে দলটোৰ কামৰূপ জিলা সভাপতি কংকন দাস,উপ সভাপতি মুৰতাজ ৰহমান প্ৰমুখ্যে নেতৃবৃন্দই ।