যশোদা হাস্পাতাল, হায়দাবাদৰ উদ্যোগত অসমত লিভাৰ প্ৰতিৰোপণ আউটৰিচ ক্লিনিকৰ শুভাৰম্ভ
হায়দাবাদৰ মালাকপেটস্থিত যশোদা হাস্পাতালে বিশিষ্ট লিভাৰ প্ৰতিৰোপণ বিশেষজ্ঞ ডাঃ ললিত কুমাৰ ৰেড্ডী কান্তালাৰ নেতৃত্বত অসমত এক বিশেষ লিভাৰ প্ৰতিৰোপণ আউটৰিচ ক্লিনিকৰ শুভাৰম্ভ কৰিছে। উজনি আৰু মধ্য অসমৰ ডিব্ৰুগড়, যোৰহাট, নাজিৰা, শিৱসাগৰ, বোকাখাট আৰু তেজপুৰৰ ৰোগীসকলক সৰ্বাংগীন লিভাৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।