শিৱসাগৰ আৰক্ষীৰ সফল অভিযান মাৰাত্মক ড্ৰাগছ সহ আৰক্ষীৰ জালত নগাঁৱৰ আবু আৰু চৰিফুল
দুই সন্দেহজনক যুৱকৰ পৰা বৃহত পৰিমাণৰ মাৰাত্মক ড্ৰাগছ জব্দ ৷
শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাংকান নগৰৰ সমীপত জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি।
নগাঁৱৰ আবু হানিফ ওৰফে হানিফ আলি আৰু
চৰিফুল ইছলাম নামৰ ব্যক্তি দুজনৰ জিম্মাৰ পৰা উদ্ধাৰ বৃহত পৰিমাণৰ ড্ৰাগছ ৷
এখন নম্বৰ প্লেট বিহীন এনট্ৰক বাইকেৰে আহি থকাৰ সময়তেই জেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ পৰিচালনাত সদৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধি, নগৰ উপ পৰিদৰ্শক দেৱাশীষ শৰ্মাই অসামৰিক পোচাকত অভিযান চলাই দুই সৰৱৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ জালত পৰা আবু হানিফ ওৰফে হানিফ আলি কিছু দিনৰ পুৰ্বেহে জেলৰ পৰা মুকলি হৈ আহিছিল৷
জব্দ কৰা ড্ৰাগছৰ পৰিমাণ প্ৰায় ৮০ গ্ৰাম বুলি আৰক্ষী প্ৰশাসনৰ পৰা জানিব পৰা গৈছে ৷
ইয়াৰোপৰি জব্দ হোৱা ড্ৰাগছৰ পৰিমাণ বিগত দিনৰ তুলনাত সৰ্বাধিক ড্ৰাগছ বুলি জানিব পৰা গৈছে ৷
#highlight
#everyone
#follower
#sivasagarpolice