লেহ-লাডাখৰ শান্তি স্তুপাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
শিৱসাগৰৰ পাঁচ যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি
অসমৰ সংগীতজগতৰ মহীৰূহ, যুৱ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস তথা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ লেহ-লাডাখৰ ভূমিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে শিৱসাগৰৰ পাঁচ বন্ধুৱে।
লেহৰ ঐতিহাসিক শান্তি স্তুপত উপস্থিত হৈ পাঁচ যুৱকে জুবিন গাৰ্গৰ স্মৃতিত নীৰৱ শ্ৰদ্ধা নিবেদন কৰে। লাডাখৰ নিৰ্মল আকাশ, শান্ত পৰিৱেশ আৰু হিমালয়ৰ বিশালতাৰ মাজত প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা এই শ্ৰদ্ধাঞ্জলিয়ে এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে।
শিৱসাগৰৰ পৰা লেহ-লাডাখ ভ্ৰমণলৈ অহা এই পাঁচ বন্ধু হৈছে পাৰ্থপ্ৰতীম বৰা, বিশ্বজিৎ, পবিত্ৰ, জ্ঞানদীপ আৰু মনদীপ। বন্ধুত্বৰ এক সপোনৰ যাত্ৰাক স্মৰণীয় কৰি তুলিবলৈ তেওঁলোকে জুবিন গাৰ্গৰ স্মৃতিত এই বিশেষ শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰে।
তেওঁলোকৰ মতে, “জুবিন কেৱল এজন শিল্পী নাছিল; তেওঁ আছিল অসমীয়া জাতিৰ আৱেগ, আমাৰ যৌৱনৰ সংগী আৰু আমাৰ সপোনৰ এক অবিচ্ছেদ্য অংশ। লাডাখৰ এই শান্তিৰ ভূমিৰ পৰা তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।”
অসমৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত, হিমালয়ৰ বুকুত জুবিনৰ স্মৃতিক সুঁৱৰি শিৱসাগৰৰ এই পাঁচ বন্ধুৱে যেন আকৌ এবাৰ প্ৰমাণ কৰিলে—
ভৌগোলিক দূৰত্বই হৃদয়ৰ দূৰত্ব সৃষ্টি কৰিব নোৱাৰে।
জুবিন গাৰ্গৰ কণ্ঠৰ সুৰ যেন লাডাখৰ নিৰৱ পাহাৰতো আজি প্ৰতিধ্বনিত—
#highlight
#everyone
#follower
#nonfollowers