সোণাৰি: বৰহাট মণ্ডলৰ ৫৫ নং বুথত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
চৰাইদেউ বৰহাট মণ্ডলৰ ৫৫ নং বুথত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়কে । বিধায়কে কয় যে ৰাইজৰ স্বত্বৰ্ফুট সহাৰি, পুনৰ তৃতীয় বাৰৰ বাবে কেন্দ্ৰত বিশ্ব জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হ'ব সেয়া নিশ্চিত। পূৰ্বতকৈ অধিক ভোটত জনপ্ৰিয় নেতা যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰ জোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয় যুক্ত কৰি মোদীৰ হাত শক্তিশালী কৰিব। তাৰে প্ৰতিফলন বৰহাট মণ্ডলৰ ৫৫ নং বুথত। ৰাইজৰ সহযোগিতা অতি সন্তোষ জনক।