সোণাৰি: সোনাৰিত এটা চুবুৰীত পথ নথকাৰ বাবে দেৱালৰ তলেৰে ৰাইজে কৰিছে অহা-যোৱা, মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী
সোনাৰি পৌৰ এলেকাৰ ১৩নং ৱাৰ্ডৰ এটা চুবুৰীৰ ৰাইজে অহা-যোৱা পথ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। চুবুৰীটোৰ ৰাইজে গড়কাপ্তানি বিভাগৰ চৌহদৰ কাষেৰে অহা যোৱা কৰি আহিছিল। কিন্তু কিছুদিন পূৰ্বে লোকনিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ চাৰিওকাষে পকীদেৱাল বনোৱাৰ বাবে অহা-যোৱা পথটো বন্ধ হৈ পৰে। এতিয়া চুবুৰীটোৰ ৰাইজ তথা ছাত্র-ছাত্ৰীয়ে দেৱালৰ তলেৰে পাৰ অহা-যোৱা কৰি থাকিবলগীয়া হৈছে।