ডিফু: ডিফুত ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব দুদিনীয়া আদা উৎসৱ ২.০
কাৰ্বি আংলঙৰ জিআই টেগপ্ৰাপ্ত আদাক বিশ্ব বজাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ২৮ নৱেম্বৰৰ পৰা ডিফুৰ পাঁচ মাইলত অনুষ্ঠিত হ'ব 'আদা উৎসৱ ২.০'। এই উৎসৱে স্থানীয় কৃষকসকলৰ বাবে নতুন বজাৰৰ সম্ভাৱনা সৃষ্টি কৰাৰ লগতে কৃষি অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব।