সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তত্বাৱধানত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ভয়াবহ বান পৰিস্থিতিত ক্ষতিগ্রস্ত লোকসকলৰ বাবে বান সাহায্য সংগ্ৰহ আৰু বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল সেই মৰ্মে ৰাইজে আন্তৰিকৰে আগবঢ়োৱা বান সাহায্য সমূহ যোৱা কালি অৰ্থাৎ ২৪ জুলাই তাৰিখে বিতৰণ কৰা হ’ল, সাহায্য আগবঢ়োৱা প্ৰতি গৰাকী ব্যক্তিক ধন্যবাদ জনালোঁ।
সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পুনৰ ২৭ জুলাই তাৰিখে বান সাহায্য বিতৰণ কৰা হ’ব, গতিকে কোনো ব্যক্তিয়ে সাহায্য আগবঢ়াব বিচাৰে তেন্তে ডিব্ৰুগড় চৌকিডিঙ্গীৰ শ্বহীদ ভৱনৰ লগতে ডিব্ৰুগড় জিলা অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থা সমূহৰ কাৰ্যালয়ত সাহায্য প্ৰদান কৰিব পাৰিব।
এই দুৰ্যোগৰ সময়ত ডিব্ৰুগড়বাসীলৈ আমাৰ আন্তৰিক আহ্বান-মানৱীয় দায়বদ্ধতাৰে আগবাঢ়ি আহি বানপীড়িতসকলৰ সহায়ৰ বাবে আপোনাৰ সাধ্যানুসাৰে সাহায্য আগবঢ়াওক।