গ্ৰাম্যাঞ্চলৰ ৰাইজৰ বাবে সৰ্বজনীন আৰু গুণগত প্ৰাথমিক স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত ওদালগুৰিৰ এডামছ হ'লত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR), গেইটছ ফাউণ্ডেচন , বড়োলেণ্ড বিশ্ববিদ্যালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ শীৰ্ষ বিষয়ববীয়া তথা প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰা এই বৈঠকত স্বাস্থ্য কেন্দ্ৰ আৰু আৰোগ্য মন্দিৰ সমূহৰ জৰিয়তে ওদালগুৰি জিলাখনৰ সৰ্বসাধাৰণ ৰাইজক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ বিষয়টোকলৈ আলোচনা কৰা হয়।