ওদালগুৰিত চুৰি কাণ্ডত মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে ওদালগুৰি আৰক্ষীয়ে। চুৰিৰ অভিযোগত বিশাল তাঁতী ওৰফে পিস্কো আৰু আবিজা বাগলাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা কাঁহৰ কাহী-বাতি আৰু এটা এনড্ৰইড টেবলেট জব্দ কৰা হয়। তদন্তত চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত হেমন্ত তাঁতী আৰু চাহিদা খাতুনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ওদালগুৰি থানাত ৫২/২৬ নম্বৰত BNSৰ ৩০৫(এ), ৩১৭(২) আৰু ৩৩১(৪) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।