অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কলাইগাঁও শাখাৰ উদ্যোগত পৰিষদৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে আজি "শ্ৰেষ্ঠ বিদ্যাৰ্থী অভিনন্দন অনুষ্ঠান" সফলভাৱে অনুষ্ঠিত হয়।
এই অনুষ্ঠানত কলাইগাঁও শাখাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মেধা, অধ্যৱসায় আৰু শৈক্ষিক উৎকৰ্ষৰ স্বীকৃতিস্বৰূপে মানপত্ৰ আৰু গছপুলি প্ৰদান কৰি আন্তৰিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক বক্তব্যৰে উৎসাহিত কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। অতিথিসকলৰ ভিতৰত বিশেষভাৱে উপস্থিত থাকে, জুমন বৰুৱা (জিলা প্ৰমুখ, এবিভিপি, ওদালগুৰি জিলা), দিগন্ত বৰুৱা (পাৰিষদ, মুদৈবাৰী সমষ্টি), প্ৰিয়ংকা বণিয়া (চক্ৰবিষয়া, কলাইগাঁও ৰাজহ চক্ৰ), কৃষ্ণকান্ত বড়ো (পৌৰপতি, কলাইগাঁও পৌৰসভা), দীপাংকৰ ওজা (বিশিষ্ট সমাজসেৱক), শিশুৰাম ভূঞা (সভাপতি, এবিভিপি কলাইগাঁও শাখা), মনোৰঞ্জন আচাৰ্য (সম্পাদক, এবিভিপি কলাইগাঁও শাখা) আৰু শাখাৰ পূৰ্ব কাৰ্যকৰ্তাসকল।
#ABVP #ABVPAssam #ABVPUdalguri #78thFoundationDay #NationalStudentsDay #Kalaigaon #StudentFelicitation #NationBuilding