*শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত দিখৌমুখ পঞ্চায়তত অনুষ্ঠিত বিশাল সজাগতা সভা*
শিৱসাগৰ জিলাৰ দিখৌমুখ গাও পঞ্চায়তত পঞ্চায়ত সভানেত্ৰী পূৰ্ণিমা সাউদৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সজাগতা সভাখনি । শিৱসাগৰ জিলাৰ যক্ষ্মা ৰোগ বিভাগ, জিলা এইডছ নিয়ন্ত্ৰণ আৰু জিলা আইন সেৱা প্ৰাধিকৰণ শিৱসাগৰৰ অধীনত যক্ষ্মা, এইচ. আই. ভি.- এইডছ, বাল্য বিবাহ প্ৰতিৰোধ আদি বিভিন্ন বিষয়ৰ ওপৰত ১৮-০৯-২০২৬ তাৰিখে অনুষ্ঠিত হয় এই সজাগতা সভাখনি
উক্ত অনুষ্ঠানত জিলা যক্ষ্মা ৰোগ বিষয়া তথা জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডা: দ্বিজেন কোচ, জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ প্ৰতিৰোধ (Prevention of Parents to Child Transmission- PPTCT) -ৰ সমন্বয়ক শ্যামল নেওগ, ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী(National TB Elimination Program - NTEP), শিৱসাগৰৰ জ্যেষ্ঠ চিকিৎসা পৰিদৰ্শকদ্বয় ডা: ৰাজীৱ শইকীয়া আৰু ডা:ত্ৰিদিব নন্দন শইকীয়া, জিলা আইন সেৱা প্ৰাধিকৰণৰ আইনী সাহায্য পৰামৰ্শদাতা আবিদুৰ ৰহমান, সমন্বিত উন্নয়নৰ সমতাভিত্তিক পদক্ষেপৰ উত্তৰ-পূব কেন্দ্ৰ (Northeast Centre for Equity Action on Integrated Development- NEAID) -ৰ খণ্ড সমন্বয়ক পাৰবীন চুলতানা বেগম আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ অনুপম দাস উপস্থিত থাকে।
জিলা যক্ষ্মা ৰোগ বিষয়া ডা: দ্বিজেন কোচে যক্ষ্মা ৰোগ কি, ইয়াৰ লক্ষণ, এই ৰোগ কেনেকৈ বিয়পে, এই ৰোগৰ চিকিৎসা ব্যৱস্থা আৰু প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লগতে যক্ষ্মা মুক্ত পঞ্চায়ত (TB Mukt Panchayat) অভিযানৰ বিষয়ে ৰাইজক বিতংভাৱে অবগত কৰে।
এইডছ প্ৰতিৰোধৰ সমল ব্যক্তি শ্যামল নেওগে জনসাধাৰণৰ মাজত এইডছৰ সজাগতা বিষয়ে ভাষণ প্ৰদান কৰে। তেওঁ ভাষণত যুব প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰচলনৰ ভয়াবহতা, অসুৰক্ষিত যৌন সম্পৰ্ক আদি কাৰণে যে এইডছ বিয়পে সেই বিষয়ে উল্লেখ কৰি ইয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।
জিলা আইন সেৱা প্ৰাধিকৰণৰ খণ্ড সমন্বয়ক পাৰবীন চুলতানা বেগমে তেখেতৰ ভাষণত বাল্য বিবাহ প্ৰতিৰোধৰ বিষয়ে বক্তব্য প্ৰদান কৰে।
জিলা আইন সেৱা প্ৰাধিকৰণৰ আইনী সাহায্য পৰামৰ্শদাতা আবিদুৰ ৰহমানে এইডছ প্ৰতিৰোধ আইন-২০১৭ -ৰ বিষয়ে আলোচনা আগবঢ়ায়।
দিখৌমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁওৰ বহু ৰাইজ এই সজাগতা সভাত উপস্থিত থাকে।
#highlights
#everyone
#follower
#dlsasivasagar