সোৱণশিৰি ভাগ: ঘিলামৰাত কংগ্ৰেছৰ জয় বাপু, জয় ভীম, জয় সংবিধান অভিযান কার্য্যসূচী সভা, উপস্থিত এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা
অসম প্রদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজ্যত অব্যাহত আছে জয় বাপু, জয় ভীম, জয় সংবিধান অভিযান কার্য্যসূচী । উক্ত জয় বাপু, জয় ভীম, জয় সংবিধান কার্য্যসূচী উপলক্ষে শুক্ৰবাৰে ঘিলামৰা ব্লক কংগ্ৰেছৰ উদ্যোগত ঘিলামৰাত ওলোৱা হয় এক পদযাত্ৰা ৰেলী। পদযাত্ৰা ৰেলীত অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে ঢকুৱাখনা জিলা কংগ্ৰেছৰ সভাপতি, সম্পাদকৰ উপৰিও বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে।