সোৱণশিৰি ভাগ: বৰদৈ বামত ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল মাৰুটি ছুইফট বাহন, আঘাতপ্ৰাপ্ত হয় তিনিজন
লখিমপুৰ জিলাৰ বৰদৈ বামত দেওবাৰে আবেলি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল এখন মাৰুটি swift বাহন । পথ দুৰ্ঘটনাটোত চালক সহ তিনিজন যুৱক আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাস্থলীত স্থানীয় ৰাইজৰ লগতে আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।