বিহপুৰীয়া: আজি ইছলাম ধমীয় লোক সকলৰ পবিত্ৰ ঈদ ৷ বিহপুৰীয়াত আঞ্চলিক ঈদগাহ ময়দানত সমুহীয়া নামাজত অংশ লয় সকলোৱে ৷
আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ প্ৰবিত্ৰ ঈদ। # সমগ্ৰ ৰাজ্যৰ লগতে বিহপুৰীয়াতো ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজতো দেখা গ'ল উচ্ছাহ উদ্দীপনা। মাহ জোৰা ৰোজা ৰখাৰ অন্তত আজি ইছলাম ধমীয় লোক সকলে বিহপুৰীয়া নগৰৰ ঈদগাহ ময়দানত সমূহীয়া নামাজত অংশ গ্ৰহন কৰে ৷ বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে। আজি পুৱাই বিহপুৰীয়াৰ ঈদ গাহ ময়দানত দেখা গল ইছলাম ধমাৱলম্বী লোক সকলৰ মাজত উৎসাহ উদ্দিপনা ৷ এই পবিত্ৰ ঈদৰ দিনাই দুখীয়া দৰিদ্ৰ লোক সকলক সহায়ৰ হাত আগবঢ়াই সকলোৱে ৷