ওদালগুৰি: বিজেপিৰ জিলা কাৰ্যালয়ত জিলা বিজেপিৰ নৱ নিৰ্বাচিত সভাপতিক অভিনন্দন জনালে জিলা সমিতিয়ে
কিছুদিন পূৰ্বে ওদালগুৰি জিলা বিজেপিৰ সভাপতি গৰাকীয়ে পদত্যাগ কৰিছিল। সেয়ে আজি ওদালগুৰি জিলা বিজেপিৰ সভাপতি হিচাপে অজয় কুমাৰ হাজৰিকাক দলৰ তৰফৰ পৰা নিযুক্তি প্ৰদান কৰা হয়। আনহাতে জিলা বিজেপিৰ সভাপতি গৰাকীক জিলা বিজেপিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়। উক্ত সময় চোৱাত জিলা বিজেপিৰ উপ সভাপতি বিকন চন্দ্ৰ ডেকা, সম্পাদক সুজিত সৰকাৰ প্ৰমুখ্যে দলৰ বিভিন্ন দায়িত্বত থকা বিষয় ববিয়া আৰু কাৰ্যকতা সকল উপস্থিত থাকে।