সোণাৰি: সোণাৰিৰ মিলনপুৰত সজাগতামুলক সভাত চৰাইদেউ জিলা শিক্ষা বিষয়া বিন্তী শৰ্মা
সোণাৰিৰ মিলনপুৰত বুধবাৰে আবেলি ৪-৩০বজাত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যোগেদি উদ্ভাৱন মুখী প্রতিভা বিকাশৰ ক্ষেত্ৰত কেনেধৰণে প্ৰতিভা বিকাশ কৰিব পাৰি তাৰ ওপৰত এখনি সজাগতা মূলক সভা অনুষ্ঠিত হয়। সভাত আই আই টি টেক্নলজি কমপ্লেক্স গুৱাহাটী চেলৰ চিনিয়ৰ ইনভেচন ফেল" ৰাষ্ট্রীয় নৱ প্রবর্তন প্ৰতিষ্ঠান ভাৰতৰ ডঃ ৰাজীৱ মিলি, চৰাইদেউ জিলাৰ জিলা বিদ্যালয় সমূহৰ শিক্ষা বিষয়া বিন্তী শর্মা উপস্থিত থাকে।