সোণাৰি: সোণাৰিৰ চৰাইদেউ ইউনেস্কুই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰাৰ প্ৰাক্ মূহুৰ্তত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সোণাৰিৰ চৰাইদেউত ইউনেস্কুই বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰাৰ প্ৰাক্ মূহুৰ্তত মঙ্গলবাৰে দুই বজাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বিজেপি নেতা কৰ্মীৰ স'তে চৰাইদেউ উন্নতিৰ বুজ লয়।আহোম ৰাজত্বৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউক অহা জুলাই মাহৰ ২১ তাৰিখৰ পৰা ৩১ তাৰিখলৈ দিল্লীত অনুষ্ঠিত হ'ব ইউনেস্কুৰ এক বিশেষ অধিবেশন।উক্ত অধিবেশনতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ অসমৰ চৰাইদেউৰ নাম ঘোষিত হ'ব বুলি চৰাইদেউ বাসীয়ে আশা কৰিছে।