সোণাৰি: ভজোত দিচাং নদীৰ ওপৰত থকা ভজো আৰু দিচাংপানী দলঙৰ নিৰ্মাণ লেহেমীয়া হোৱাৰ প্ৰতিবাদ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ
সোণাৰিৰ ভজোত উত্তপ্ত পৰিস্থিতি। পথ অৱৰোধ কৰি ভজোত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কার্যসূচী। দিচাং নদীৰ ওপৰত থকা ভজো আৰু দিচাংপানী দলঙৰ নিৰ্মাণ লেহেমীয়া হোৱাৰ প্ৰতিবাদত এই কার্যসূচী। লোক নিৰ্মাণ বিভাগৰ প্ৰতিকৃতি দাহেৰে আছুৰ বিক্ষোভ। অতি শীঘ্ৰে দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী, অন্যথাই লোক নির্মাণ বিভাগৰ কার্যালয়ত তলা লগাই দিয়াৰ হুংকাৰ আছুৰ।