মাৰ্ঘেৰিটা: পেঙেৰীৰ ডিব্ৰুজান-পপোলাজান সঙ্গম স্থলৰ এলিফেণ্ট কৰিড'ৰত অঘটন,হাতীৰ সৈতে মুখামুখী দুই যুৱতী
বৃহস্পতিবাৰে সন্ধ্যা প্ৰায় ৭-৩০ বজাত পেঙেৰীৰ ডিব্ৰুজান-পপোলাজান সঙ্গম স্থলৰ এলিফেণ্ট কৰিড'ৰত অঘটন। এজাক হাতীৰ মুখামুখি হয় স্কুটীৰে অহা দুই যুৱতীৰ। স্কুটী এৰি নলাত জপিয়াই কথমপি প্ৰাণ ৰক্ষা এনি আৰু অঞ্জনা চিংফৌৰ। হাতীৰ গচকত স্কুটীখনৰ বিস্তৰ ক্ষতিসাধন। পাছত এই সাহসী যুৱতী দুগৰাকীক উদ্ধাৰ কৰি এখন ট্ৰাকত তুলি 'ৰাইজৰ সহযোগত দুৱাৰমৰা চিংফৌ গাঁৱৰ নিজ নিজ বাসগৃহত এৰি আহে।