মাহমৰা: মৰাণহাটত বাজপেয়ী ভৱনত নিৰ্বাচনী সাংগঠনিক সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন
মৰাণহাটৰ জ্যোতিপুৰত অৱস্থিত মাহমৰা সমষ্টিৰ অটল বিহাৰী বাজপেয়ী ভৱনত সোমবাৰে আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰকৰি এখন নিৰ্বাচনী সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ এই সভাত অসম ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু,মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন,চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা,জিলা সমিতিৰ বিষয়ববীয়া,মাহমৰা সমষ্টিৰ অন্তৰ্গত তিনিটা মণ্ডলৰ সভাপতি তথা বিষয়ববীয়া,বুথ সমূহৰ সভাপতিসকল উপস্থিত থাকে ।