সোণাৰি: শুক্ৰবাৰে চৰাইদেউৰ মাইবেলাত পথত বাগৰিল এজোপা প্ৰকাণ্ড গছ, ফলত পথ বন্ধ হৈ ব্যাহত হৈ পৰে যাতায়ত
শুক্ৰবাৰে পুৱা প্ৰায় ১১.৩০ বজাত হঠাৎ পথত বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ। সোণাৰি-মথুৰাপুৰ সংযোগী মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ ঐতিহাসিক ধোদৰ আলি পথত গছজোপা বাগৰাৰ ফলত পথছোৱাত সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে। অৱশ্যে এই ঘটনাৰ ফলত কোনো লোক হতাহতি হোৱা নাই যদিও এডাল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰৰ সংযোগ বিচ্ছিন্ন হয়।