লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সমীপৰ লেটেকুপুখুৰীত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত নাম সমাৰোহ আৰু ফল্গুৎসৱ সম্পন্ন ৷ যোৱা ২৪মাৰ্চৰ পৰা ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হৈছে এই নাম সমাৰোহ৷ কাৰ্যসূচীৰ প্ৰথম দিনা ধৰ্মধ্বজা উত্তোলন,ঐতিহাসিক লেটেকুপুখুৰী গুৰুগৃহ আৰু কীৰ্ত্তন ঘৰ প্ৰদক্ষিণ,নিত্য প্ৰসঙ্গ,ভাগৱত পাঠ আদি অনুষ্ঠিত কৰে ।