সাপেখাতী: বৰহাটত ৮ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব লগা বৰহাট উঃ মাঃ বিদ্যালয়ৰ নতুন গৃহৰ আধাৰশিলা স্থাপন ৰাজহ মন্ত্ৰী যোগেন মহনৰ
বৰহাটত ভাৰত চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰে উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ ৮ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব লগা বৰহাট উঃ মাঃ বিদ্যালয়ৰ নতুন গৃহৰ বুধবাৰে সন্ধিয়া ৬ বজাত ৰাজহ মন্ত্ৰী যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু এডিচি মিৰ্জানা হুছেইনে আধাৰশিলা স্থাপন কৰে। সভাত সদৌ অসম গাঁওবুঢ়া সন্থাৰ সভাপতি গোবিন গগৈ, সাপেখাতী আঞ্চলিক পঞ্চায়তৰ সভাপতি বিপ্লৱ বৰুৱাসহ কেইবাজনো লোকে অংশগ্ৰহণ কৰে।