সাপেখাতী: বৰহাট বাগিচাত এজন গৰু চোৰক ৰাইজে ধৰি চমজালে আৰক্ষী থানাত, আন দুজন চোৰৰ পলায়ন
বুধবাৰে ১০ বজাত বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত পুনৰ এটা গৰু চুৰি হোৱা কাৰ্যই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি পুনৰ বৰহাট চাহ বাগিচাৰ নিবাসী হৰি চৰণ কেওটৰ নামৰ লোকজনৰ এটা গৰু চোৰ কৰি বলেৰ' পিকাপত তুলি নিবলৈ লওঁতেই ৰাইজে খেদি যোৱাত দুটা চোৰে গাড়ীত তুলি থোৱা চাৰিটা গৰু সহ পলায় যাবলৈ সক্ষম হয়। আনহাতে এটা চোৰ গাড়ী পৰা পৰি যোৱাত ৰাইজে চোৰটো ধৰি এটা গৰু বৰহাট আৰক্ষী থানাত চমজাই দিয়ে।