সাপেখাতী: কানুবাৰীত বিকাশ যাত্ৰা-২০২৪ৰ অধীনত কানুবাৰী আদৰ্শ বিদ্যালয়ৰ শিলান্যাস সম্পন্ন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত
মঙলবাৰে আবেলি ২ বজাত কানুবাৰীত কানুবাৰী আৰ্দশ বিদ্যালয়ৰ শিলান্যাস সম্পন্ন কৰা হয়। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা বিদ্যালয় পৰিদৰ্শক বি শৰ্মা, অতিৰিক্ত উপায়ুক্ত ৰাজকুমাৰ আহোম, মিৰ্জাণা হোছেইন, যুৱ নেতা বিজয় গগৈকে ধৰি ভালেকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।