সাপেখাতী: সাপেখাতীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ এখন গুৰুত্বপূৰ্ণ সভা সম্পন্ন,সভাত সাপেখাতী মণ্ডলৰ সভাপতি নিপন গগৈ
মঙ্গলবাৰে ১-৩০বজাত সাপেখাতীত ভাৰতীয় জনতা যুৱ মৰ্চা, সাপেখাতী মণ্ডলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।এই উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা,সাপেখাতী মণ্ডলৰ সভাপতি নিপন গগৈ পৌৰোহিত্বত অনুষ্ঠিত সভা খন আঁত ধৰে সাপেখাতী মণ্ডলৰ সম্পাদক অপূৰ্ব দাসে।সভাত সাপেখাতী মণ্ডলৰ উপ -সভাপতি জিন্টু পাল প্ৰমুখ্যে কেইবাজনী বিজেপি যুৱ নেতাই অংশগ্ৰহণ কৰে।সভাত মৰ্চাৰ সাংগঠনিক দিশ দৃঢ় কৰা,জনমুখী কাৰ্যসূচী পালন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।