সোমবাৰে আৰক্ষী সংৰক্ষিত অঞ্চলত পৰিদৰ্শন পেৰেড আৰু বাহন পৰিদৰ্শন অনুষ্ঠিত হয়। ইয়াৰ পিছত এখন মাহেকীয়া আৰক্ষী সন্মিলন অনুষ্ঠিত হৈ যায়। য'ত আৰক্ষী বাহিনীৰ বিভিন্ন অভিযোগবোৰ সমাধান কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ। উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশ মতে এনেদৰে ব্যাপক প্ৰস্তুতি চলিছে বুলি জানিব পৰা গৈছে।