শিৱসাগৰৰ প্ৰাৰ্থনা ভূঞালৈ ডক্টৰেট ডিগ্ৰী ৷ নগাঁওৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ে “সত্ৰীয়া নৃত্যত থলুৱা নৃত্যশৈলীৰ প্ৰভাৱ ” শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে প্ৰাৰ্থনা ভূঞাক ৷
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড০ অৰ্চনা পূজাৰীৰ তত্ত্বাৱধানত এই গৱেষণা কাৰ্য্য সম্পন্ন কৰে প্ৰাৰ্থনা ভূঞাই ৷
শিৱসাগৰ পুৰণা আমোলাপট্টিৰ কৃষ্ণ নগৰ নিবাসী প্ৰাক্তন অধ্যক্ষ শ্ৰীপ্ৰদীপ কুমাৰ ভূঞা আৰু প্ৰাক্তন বিষয় শিক্ষয়িত্ৰী তথা অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী,গীতিকাৰ আৰু সুৰকাৰ প্ৰয়াত জিনাৰাণী দত্ত ভূঞাৰ কন্যা প্ৰাৰ্থনা ভূঞা ৷
উল্লেখ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম আৰু এম ফিল কৰা প্ৰাৰ্থনা ভূঞা এগৰাকী নৃত্য শিল্পীৰ লগতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱী হিচাপে ৰাইজৰ সেৱা আগবঢ়াই আহিছে ।
সত্ৰীয়া সংস্কৃতিৰ লগতে অসমীয়া কলা সংস্কৃতিৰ ভিন্ন ক্ষেত্ৰত প্ৰাৰ্থনা ভূঞাই বিশেষ পাৰদৰ্শিতা বিগত সময়ত দেখুৱাই অহা পৰিলক্ষিত ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰাৰ্থনাৰ এই সফলতাত সততে উৎফুল্লিত তেখেতৰ অনুৰাগী ।
#everyonefollowers #highlightseveryone #follower