সোণাৰি: চৰাইদেউ জিলাত দুটাকৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথ হʼব বুলি বৃহস্পতিবাৰে বেলেংবাৰীত ঘোষণা সাংসদ তপন গগৈৰ
চৰাইদেউ জিলাত দুটাকৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথ হʼব বুলি বৃহস্পতিবাৰে বেলেংবাৰীত ঘোষণা সাংসদ তপন গগৈৰ। এটা নামতোলাৰ পৰা সাপেখাটীলৈ ৭০২চি আৰু আনটো শিৱসাগৰ পৰা সোণাৰিলৈ ৭০২-ত কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে বুলি তেওঁ প্ৰকাশ কৰে । বেলেংবাৰীত দিনটোৰ প্ৰথমখন নিৰ্বাচনী সভাত এই কথা সদৰী কৰে যোৰহাট লোকসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈয়ে ।