Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

লাহৰীঘাট থানাৰ অন্তৰ্গত ২ নং বৰবৰি গাঁৱত আজি সন্ধিয়াৰ ভাগত মৰিগাঁও বিশেষ আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীৰ অভিযানত এক ড্ৰাগছ সৰবৰাহকাৰী আটক হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম ইনামুল ইছলাম ওৰফে ফৰিদুল (৩০ )। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে সন্দেহ যুক্ত ড্ৰাগছ ভৰ্তি ১০ টা প্লাষ্টিক কন্টেইনাৰ উদ্ধাৰ কৰে।

Laharighat, Morigaon | Jun 3, 2026

MORE NEWS

মৰিগাঁও জিলাত শৈক্ষিক উন্নয়নৰ লক্ষ্যৰে আৰম্ভ শৈক্ষিক গাঁৱ সভা অভিযান
---------
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি, ২ জুনৰ পৰা সমগ্ৰ জিলাজুৰি “শৈক্ষিক গাঁৱ সভা” শীৰ্ষক এক বিশেষ সচেতনতামূলক আৰু পৰ্যালোচনামূলক অভিযান আৰম্ভ কৰা হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নীত কৰা, পৰীক্ষাৰ ফলাফল অধিক সন্তোষজনক কৰি তোলা আৰু বিভিন্ন সামাজিক, আৰ্থিক বা ব্যক্তিগত কাৰণত আধাতে বিদ্যালয় এৰি দিয়া ছাত্ৰ-ছাত্ৰীসকলক পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই অভিনৱ কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়, অভিভাৱক, সমাজ আৰু প্ৰশাসনৰ মাজত অধিক সমন্বয় স্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰত এক সুস্থ আৰু ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। শৈক্ষিক গাঁৱ সভাসমূহত বিদ্যালয় পৰিদৰ্শক, শিক্ষক-শিক্ষয়িত্ৰী, গাঁওবুঢ়া, অভিভাৱক, সচেতন নাগৰিক, বিভিন্ন সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, লগতে স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা হৈছে।
আজি এই অভিযানৰ প্ৰথমখন শৈক্ষিক গাঁৱ সভা কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত পটুৱাকাটা বিদ্যালয়ত অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তেৱাৰী। তেখেতৰ সৈতে শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত অনূষিয়া শৰ্মাও উপস্থিত থাকি শিক্ষাৰ উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মতামত আগবঢ়ায়।
সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে কয় যে মৰিগাঁও জিলাক শিক্ষাৰ ক্ষেত্ৰত অসমৰ অন্যতম অগ্ৰণী জিলা হিচাপে গঢ়ি তোলাৰ বাবে সকলোৰে সমূহীয়া প্ৰচেষ্টা একান্তই প্ৰয়োজন। বিদ্যালয়সমূহত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ শিক্ষণ-শিকন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ কৰি তুলিবলৈ শিক্ষক, অভিভাৱক আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব বুলি তেখেতে উল্লেখ কৰে।
তেওঁ লগতে কয় যে বিদ্যালয় ত্যাগ কৰা শিশুসকলক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনাটো কেৱল শিক্ষা বিভাগৰ কাম নহয়, ই সমগ্ৰ সমাজৰ এক সামূহিক দায়িত্ব। প্ৰতিগৰাকী শিশুৱে শিক্ষাৰ অধিকাৰ লাভ কৰাটো নিশ্চিত কৰিবলৈ সকলোৱে একেলগে আগবাঢ়ি আহিব লাগিব বুলি তেখেতে আহ্বান জনায়।
এই শৈক্ষিক গাঁৱ সভাৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত বিদ্যমান সমস্যাসমূহ চিনাক্ত কৰাৰ লগতে সমাধানৰ ব্যৱস্থা গ্ৰহণ, বিদ্যালয়ভিত্তিক পৰিকল্পনা প্ৰস্তুতকৰণ আৰু শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ বাবে এক সুদৃঢ় ভেটি স্থাপন হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। মৰিগাঁও জিলা প্ৰশাসনৰ এই পদক্ষেপে জিলাখনৰ শিক্ষাখণ্ডত এক নতুন ইতিবাচক দিশ উন্মোচন কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

মৰিগাঁও জিলাত শৈক্ষিক উন্নয়নৰ লক্ষ্যৰে আৰম্ভ শৈক্ষিক গাঁৱ সভা অভিযান --------- মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি, ২ জুনৰ পৰা সমগ্ৰ জিলাজুৰি “শৈক্ষিক গাঁৱ সভা” শীৰ্ষক এক বিশেষ সচেতনতামূলক আৰু পৰ্যালোচনামূলক অভিযান আৰম্ভ কৰা হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নীত কৰা, পৰীক্ষাৰ ফলাফল অধিক সন্তোষজনক কৰি তোলা আৰু বিভিন্ন সামাজিক, আৰ্থিক বা ব্যক্তিগত কাৰণত আধাতে বিদ্যালয় এৰি দিয়া ছাত্ৰ-ছাত্ৰীসকলক পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই অভিনৱ কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়, অভিভাৱক, সমাজ আৰু প্ৰশাসনৰ মাজত অধিক সমন্বয় স্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰত এক সুস্থ আৰু ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। শৈক্ষিক গাঁৱ সভাসমূহত বিদ্যালয় পৰিদৰ্শক, শিক্ষক-শিক্ষয়িত্ৰী, গাঁওবুঢ়া, অভিভাৱক, সচেতন নাগৰিক, বিভিন্ন সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, লগতে স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা হৈছে। আজি এই অভিযানৰ প্ৰথমখন শৈক্ষিক গাঁৱ সভা কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত পটুৱাকাটা বিদ্যালয়ত অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তেৱাৰী। তেখেতৰ সৈতে শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত অনূষিয়া শৰ্মাও উপস্থিত থাকি শিক্ষাৰ উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মতামত আগবঢ়ায়। সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে কয় যে মৰিগাঁও জিলাক শিক্ষাৰ ক্ষেত্ৰত অসমৰ অন্যতম অগ্ৰণী জিলা হিচাপে গঢ়ি তোলাৰ বাবে সকলোৰে সমূহীয়া প্ৰচেষ্টা একান্তই প্ৰয়োজন। বিদ্যালয়সমূহত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ শিক্ষণ-শিকন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ কৰি তুলিবলৈ শিক্ষক, অভিভাৱক আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব বুলি তেখেতে উল্লেখ কৰে। তেওঁ লগতে কয় যে বিদ্যালয় ত্যাগ কৰা শিশুসকলক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনাটো কেৱল শিক্ষা বিভাগৰ কাম নহয়, ই সমগ্ৰ সমাজৰ এক সামূহিক দায়িত্ব। প্ৰতিগৰাকী শিশুৱে শিক্ষাৰ অধিকাৰ লাভ কৰাটো নিশ্চিত কৰিবলৈ সকলোৱে একেলগে আগবাঢ়ি আহিব লাগিব বুলি তেখেতে আহ্বান জনায়। এই শৈক্ষিক গাঁৱ সভাৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত বিদ্যমান সমস্যাসমূহ চিনাক্ত কৰাৰ লগতে সমাধানৰ ব্যৱস্থা গ্ৰহণ, বিদ্যালয়ভিত্তিক পৰিকল্পনা প্ৰস্তুতকৰণ আৰু শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ বাবে এক সুদৃঢ় ভেটি স্থাপন হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। মৰিগাঁও জিলা প্ৰশাসনৰ এই পদক্ষেপে জিলাখনৰ শিক্ষাখণ্ডত এক নতুন ইতিবাচক দিশ উন্মোচন কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

Laharighat, Morigaon | Jun 2, 2026

টেঙাগুৰিত ভয়ংকৰ পথ দূৰ্ঘটনা। আহত ৩ গৰাকী।

টেঙাগুৰিত ভয়ংকৰ পথ দূৰ্ঘটনা। আহত ৩ গৰাকী।

Laharighat, Morigaon | Jun 2, 2026

উৰিষ্যাৰ যখাপুৰা জংচনৰ পৰা সন্ধানহীন ভূৰাগাঁৱৰ এজন লোক। বিগত ৮ দিনে সন্ধান নাই ভূৰাগাঁৱ বটালিমাৰী গাঁৱৰ বিচিত্ৰ সৰকাৰৰ ।...

উৰিষ্যাৰ যখাপুৰা জংচনৰ পৰা সন্ধানহীন ভূৰাগাঁৱৰ এজন লোক। বিগত ৮ দিনে সন্ধান নাই ভূৰাগাঁৱ বটালিমাৰী গাঁৱৰ বিচিত্ৰ সৰকাৰৰ ।...

Laharighat, Morigaon | Jun 1, 2026